1st and 3rd Sem Exam কেনেকৈ হব ? । Gauhati University

OTBE-2021 ৰ লক্ষ্যনীয় দিশসমূহ

  1. এই OTB পৰীক্ষা অনলাইন্ মাধ্যমেৰে হ’ব।
  2. এই পৰীক্ষাৰ সন্দৰ্ভত সর্বসাধাৰণতে হােৱাৰ নিচিনাকৈ কোনাে ধৰণৰ কায়িক (physical or offline) কাৰ্যাৱলী নাথাকিব। প্রশ্নকাকত ডাউনলােড় কৰাৰ পৰা পৰীক্ষাবহী আপলােড় কৰালৈকে, পৰীক্ষাৰ সকলাে প্রক্রিয়া মাত্র অনলাইন মাধ্যমতে হ’ব।
  3. সকলাে পৰীক্ষা প্রার্থীয়ে, লাগতীয় সকলাে সা-সর্জুলি যেনে কম্পিউটাৰ, স্মার্ট ফো ইত্যাদি নিজেই নিজৰ কাৰণে আগতীয়াকৈ যােগাৰ কৰি ল’ব কাগিব। সকলাে প্রার্থীয়ে, ইন্টাৰনেট ডাটা (প আৰু যাৱতীয় ইন্টাৰনেট সংযােগৰ কাৰণে লগা সুবিধাসমূহ নিজে নিজে যােগাৰ কৰিব লাগিব যাতে, এই অনলাইন OTB পৰীক্ষাত, তেওঁলােকে কোনােধৰণৰ অসুবিঘাৰ সন্মুখীন নােহােৱাকৈ সুকলমে অৱতীৰ্ণ হ’ব পাৰে। এইটো অতি গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা যে, গুৱাহাটী বিশ্ববিদ্যালয়ে, এই সন্দৰ্ভত কোনাে ধৰণৰ অভিযােগ গ্রহণ নকৰিব।
  4. বিশ্ববিদ্যালয়ে, এই গােটেই প্রক্রিয়াটোক ছাত্র-ছাত্রীৰ মাজত, আগতীয়াকৈ অনুশীলনৰ কাৰণে 18 আৰু 19 জুন, 2021 ত মুকলি কৰি দিব। GU MOCK Test Guidelines in Assamese

পৰীক্ষা প্রক্রিয়া

এই OTBE ৰ সন্দৰ্ভত, এজন পৰীক্ষার্থীয়ে মানিব লগীয়া নিয়মখিনি তলত দিয়া হৈছে। এই প্রক্রিয়াত প্রয়ােজন হােৱা ওরে চাইট তৰ বিস্তৃত বিবৰণ আৰু অনান্য তথ্য যথাসময়ত প্ৰকাশ কৰা হ’ব।

OTB পৰীক্ষা অনুস্থিত হােৱাৰ আগতে

  1. সকলাে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নিজৰ মােবাই নাম্বা, বিশ্ববিদ্যালয়ৰ IUMS ব্যৱস্থা প্রণালীৰ জৰীয়তে অন্তর্ভুক্ত কৰিব লাগিব। যদি কোনাে পৰীক্ষাৰ্থীয়ে, নিজৰ মােবাইল নাম্বাৰ আপডেট কৰিব পৰা নাই, তেঁও IUMS পাের্টেলৰ পৰা, ইতিমধ্যে পঞ্জীয়ন কৰা নাম্বাৰটো, পঞ্জীয়ন তথ্যৰ বিবৰণৰ পৰা জানিব পাৰিব। (তন্তে

2. ছাত্র-ছাত্রী সকলে, অনুশীলনৰ কাৰণে মুকলি কৰি দিয়া ওরে চাইট ত ভাগলােৱাটো অত্যন্তই বাঞ্ছনীয়।

OTB পৰীক্ষা অনুস্থিত হােৱাৰ দিনা

1. প্রতিজন ছাত্র-ছাত্রীয়ে পৰীক্ষাৰ দিনা পৰীক্ষাৰ ওরে চাইট ত নিজৰ গু: বি: বিদ্যালয়ৰ পঞ্জীয়ন নং, জন্মৰ তাৰিখ, আৰু পঞ্জীয়ন কৰা মােবাইল্ নাম্বাৰৰ ভৰাই ল-ইন্ (login) কৰিব লাগিব। এইখিনিতে এটা কথা মনকৰিবলগীয়া যে, ইতিমধ্যে পঞ্জীয়ন কৰা মােবাইল নাম্বাৰটো, পৰীক্ষার্থীসকলে IUMS পাের্টেলত থকা পঞ্জীয়ন তথ্যৰ পৰা জানিব পাৰিব৷ এই মােবাই নাম্বাৰটো পৰীক্ষাৰ্থীৰ ন’হ’লেও নাইবা নাম্বাৰটো অচল বা বিকল হৈ থাকিলেও, পৰীক্ষার্থীসকলে পৰীক্ষাৰ ওরে চাইটত এই নাম্বাৰটোরেই ব্যৱহাৰ কৰিব লাগিব। এই মােবাইল্ নাম্বাৰটোত কোনাে ধৰণৰ OTP নাযায়, ইয়াক মাত্র লগ- ইৰ কাৰণেহে ব্যৱহাৰ কৰা হ’ব৷

2. প্রতিজন পৰীক্ষার্থীয়ে প্রশ্নকাকতখন নিজৰ নিজৰ কম্পিউটাৰ বা স্মার্টফোনলৈ ডাউনলােড় কৰিব লাগিব।

3.প্রতিজন পৰীক্ষাৰ্থীয়ে, পৰীক্ষাৰ উত্তৰ, নিজৰ হাতেৰে, বগা A4 (এফ’ৰ) আকৰৰ কাগজত লিখিব লাগিব (সবিশেষ জানিবলৈ এই পৃষ্ঠা চাওক)৷ পৰীক্ষার্থী সকলে, আপলােড় কৰিবলগীয়া উত্তৰ বহীৰ, সর্বোচ্চ ফাইৰ আকাৰৰ (file size) প্রতিও মন দিয়া উচিত।

4.পৰীক্ষার্থী সকলে তেওঁলােকৰ উত্তৰ বহীৰ পৃষ্ঠাবােৰক স্কেন্ (scan) কৰি এটা মাত্র PDF (পর্টেবােল্ডকুমেন্ট ফট) ফাইললৈ পৰিবৰ্তিত কৰিব লাগিব (কেনকৈ কৰিব, তাৰ কাৰণে তলত চাওক)৷

5. পৰীক্ষাৰ অন্তত, তেওঁলােকে তৈয়াৰ কৰা PDF ফাইল টোক, পৰীক্ষাৰ ওরে চাইট ত আপলােড় কৰিব লাগিব৷

উত্তৰ বহী আপলােড কৰাৰ সুবিধা, পৰীক্ষা আৰম্ভ হােৱাৰ আধাঘন্টাৰ পাছৰ পৰা পৰীক্ষা শেষহােৱাৰ এঘন্টাৰ পাছলৈকে উপলব্ধ হ’ব।

প্রশ্নকাকত ডাউনলােড Downloading the Question Paper

প্ৰতিটো OTB পৰীক্ষাৰ কাৰণে, প্রশ্নকাকতখন, পৰীক্ষা আৰম্ভ হােৱাৰ 30 মিনিট আগতে ডাউনলােড় ৰ কাৰণে

উত্তৰ বহী আপলােড Uploading the Answer scripts

পৰীক্ষার্থী সকলে পৰীক্ষা আৰম্ভ হােৱাৰ 30 মিনিটৰ পাছৰ পৰা পৰীক্ষা শেষহােৱাৰ এঘন্টা পাছলৈকে, উত্তৰ বহী আপলােড় কৰিব পাৰিব৷

উদাহৰণস্বৰূপে, যদি পৰীক্ষাৰ সময়সীমা 09:00 বজাৰ পৰা 12:০০ বজালৈকে হয়, তেন্তে প্রশ্নকাকতখন 08:00 বজাত ডাউনলােডৰ কাৰণে উপলব্ধ হ’ব৷ আৰু পৰীক্ষাৰ উত্তৰ বহী, পৰীক্ষার্থী সকলে, 09:30 বজাৰ পৰা 13:০০ বজালৈকে আপলােড় কৰিব পাৰিব৷

আপলােডৰ উৰ্দ্ধসীমা Upload Limits

  1. পৰীক্ষাৰ অন্তত, পৰীক্ষাৰ্থীয়ে উত্তৰ বহীৰ পৃষ্ঠাবােৰ উপযুক্ত এপ্ (app) ৰ যােগেদি (কেনেকৈ কৰিব, কাৰণে নির্দেশিকা চাওক) এটা PDF ফাইললৈ পৰিবৰ্তিত কৰিব লাগিব৷ তাৰ

2. PDF ফাইলটোৰ আকাৰ 5.0 MB তকৈ বেছি হ’ব নােৱাৰিব৷

3. পৰীক্ষার্থী এজনে এবাৰ PDF ফাইলটো আপলােড় কৰাৰ পাছত, দ্বিতীয়বাৰ আকৌ আপলােড় কৰিব নােৱাৰিব৷ সেযেহে, এইটো অতিশয় গুৰুত্বপূৰ্ণ আৰু মনকৰিবলগীয়া কথা যে পৰীক্ষার্থীজনে যাতে এই গােটেই প্রক্রিয়াটো আগতে অনুশীলন কৰে৷

উত্তৰ বহী স্কেন্ কৰি PDF ফাইললৈ পৰিবৰ্তিত কৰাৰ গােটেই প্রক্রিয়াটোৰ বিশদ বিবৰণ এই পৃষ্ঠাত দিয়া আছে। যদি কোনােৱে, এই প্রক্রিয়াটো শুদ্ধভাবে পালন কৰে, তেন্তে প্রতি দহখন A4 আকাৰৰ কাগজৰ কাৰণে তৈয়াৰ হােৱা PDF ফাইলৰ আকাৰ মাত্র 2.0 MB মানহে হ’ব৷ কাজেই, প্রতিজন পৰীক্ষার্থীয়ে এই প্রক্রিয়াটোৰ লগত নিজকে চিনাকী কৰি লােৱাটো বাঞ্ছনীয়।

উত্তৰ বহী কেনেকৈ তৈয়াৰ কৰিব লাগিব

এই পৰীক্ষাৰ এটা অন্যতম গুরুত্বপূর্ণ কাৰ্য্য হ’ল পৰীক্ষাৰ উত্তৰ বহী তৈয়াৰ কৰা। এই ক্ষেত্ৰত এজন পৰীক্ষাৰ্থীয়ে অতি সাৱধানতাৰে গােটেই প্রক্রিয়াটোত মনােনিবেশ কৰা উচিত৷ পৰীক্ষার্থী সকলৰ কাৰণে সেয়েহে, উদাহৰণমূলকভারে দহ পৃষ্ঠাৰ এখন উত্তৰ বহীৰ নমুনা তৈয়াৰ কৰা হৈছে ৷ উত্তৰ বহীখনৰ এই নমুনা এই পৃষ্ঠাৰ পৰা ডাউনলােড় কৰিব পাৰি ৷ পৰীক্ষার্থী সকলে এই নমুমামূলক উত্তৰ বহীখনাে নিজৰ উত্তৰ বহী হিচাবে ব্যৱহাৰ কৰিব নোৱাৰিব ৷

GU MOCK Test Guidelines in Assamese

বিশদ নিয়মাৱলী আৰু নির্দেশিকা সমূহ

  1. সকলাে প্ৰশ্নৰ উত্তৰ, পৰীক্ষার্থীয়ে নিজ হাতেৰে A4 আকাৰৰ বগা কাগজত লিখিব লাগিব৷

2. উত্তৰ বহীৰ প্ৰথম পৃষ্ঠাত তলত দিয়া তথ্য খিনি থাকিব লাগিব৷

০ বিষয়ৰ নাম আৰু বিষয় সংকেত (subject code) ০ পঞ্জীয়ন নং

০ ৰাে নং

০ পৰীক্ষা কাকত সংকেত (paper code)

◦ Subject Name and Subject Code
◦ Registration No
◦ Roll No
◦ Paper Code

3. উত্তৰ বহীৰ সকলাে পৃষ্ঠাত, একৰ পৰা ক্রমান্বয়ে পৃষ্ঠাংক থাকিব লাগিব

নমুনা হিচাবে দিয়া উত্তৰ বহীখন ডাউনলােড় কৰিবলৈ তলৰ চিত্ৰত ক্লিক্ কৰক৷ এই বহীখনত দহ পৃষ্ঠা অছে৷ কোনাে পৰীক্ষাৰ্থীৰ উত্তৰ বহীৰ পৃষ্ঠা সংখ্যা দহতকৈ বেছি বা কম হ’ব পাৰে, কিন্তু উত্তৰ বহীৰ PDF ফাইৰ আকাৰ, কোনাে কাৰণতেই 5.0 MB ৰ বেছি হ’ব নােৱাৰিব। GU MOCK Test Guidelines in Assamese

যদি PDF ফাইৰ আকাৰ 5.0 MB তকৈ বেছি হয়, পৰীক্ষার্থীজনে ফ্যই টো আপলােড কৰিব নােৱাৰিব।

OTBE-2021 ৰ প্ৰশ্নকাকত

এই OTBE-2021 প্রশ্নকাকতৰ মান (marks), কোনাে বিষয়ৰ কাৰণে 56 হ’ব আৰু বাকীবােৰৰ কাৰণে 50 তকৈ কম হ’ব৷ কিন্তু, পৰীক্ষার্থী সকলে এইটো মন কৰা উচিত যে, OTBE-2021ৰ প্ৰশ্নকাকতখনত সম্পূর্ণ পাঠ্যতালিকা প্রশ্ন থাকিব।

এই OTB পৰীক্ষাৰ প্ৰশ্নকাকতত, কিছুমান এনেকুৱা ধৰণৰ প্রশ্ন থাকিব যাৰ উত্তৰ লিখিবলৈ পৰীক্ষার্থী এজনৰ বিষয়টোৰ ওপৰত যথােপযুক্ত উপলব্ধিৰ আৱশ্যক হ’ব

গুৰুত্বপূর্ণ নির্দেশিকা

1. পৰীক্ষার্থী সকলে নিজৰ স্মার্টফো অথবা কম্পিউটাৰত উপযুক্ত এপ (apps) ব্যৱহাৰ কৰাটো অনিবার্য্য। এই বিষয়ে আমাৰ নির্দেশিকা ইয়াত চাব পাৰে৷

2. এইটো অতি গুৰুত্বপূর্ণ যে, পৰীক্ষার্থী সকলে যেন নিজৰ উত্তৰ বহীৰ ফটোগ্রাফ লৈ তাক আকৌ স্কেনকৰে৷ এনে কৰিলে ফাইলৰ আকাৰ নিৰ্ধাৰিত কৰি দিয়া 5.0 MB তকৈ বহু বেছি হ’ব পাৰে৷ ইয়াৰ বিপৰীতে পৰীক্ষার্থী সকলে উত্তৰ লিখা পৃষ্ঠাবােৰক পােনপটীয়াকৈ এ যােগে স্কে কৰা উচিত।

3. স্কেন্ কৰোঁতে সদায়েই পৃষ্ঠাখন ক’লা-বগা (Black & White) কৈ স্কে কৰা উচিত, কাৰণ ৰঙীন স্কেৰ আকাৰ নিশ্চয়কৈ বেছি হয়

4. উত্তৰবহী আপলােড় কৰিবলৈ তৈয়াৰ কৰা ফাইলৰ নাম সৰল আকাৰৰ – মাত্ৰ ইংৰাজী বর্ণমালাৰ আখৰ বা আখৰ আৰু সংখ্যাযুক্ত হােৱা উচিত যেনে paper.pdf বা paper05.pdf.

5. ফাইলটোৰ নামত কোনাে ধৰণৰ খালী ঠাই (space) নাইবা তলত দিয়া বিশেষ চিহ্ন কেইটা থাকিব নােৱাৰিব৷:

উত্তৰবহী আপলােডৰ সন্দৰ্ভত এটা গুৰুত্বপূর্ণ জাননী

এইটো মন কৰা উচিত যে, পৰীক্ষাৰ কাৰ্য্য চলাবলৈ ব্যৱহাৰ কৰা কম্পিউটা ব্যৱস্থাটোৱে পৰীক্ষাৰ সময়ছােৱাত পৰীক্ষাৰ্থীৰ সকলাে কাৰ্য-কলাপৰ খতিয়ান তৈয়াৰ কৰি ৰাখে আৰু ই কোনাে পৰীক্ষাৰ্থীয়ে উত্তৰবহী আপলােড় কৰিবলৈ চেষ্টা কৰিছেনা নাই, ইয়াকো ধৰা পেলাব পাৰে৷

(তনে 1. যদি কোনাে পৰীক্ষার্থীয়ে নির্দষ্ট সময়সীমাৰ ভিতৰত উত্তৰবহী আপলােড় কৰিবলৈ চেষ্টা কৰিছে কিন্তু সফলতাৰে আপলােড় কৰিব পৰা নাই, পৰীক্ষার্থীয়ে, সময় শেষ হােৱাৰ পাছতাে অতিৰিক্ত 30 মিনিটলৈকে উত্তৰবহী আপলােডৰ কাৰণে চেষ্টা কৰিব পাৰিব।

2. যদি কোনাে পৰীক্ষার্থীয়ে অতিৰিক্ত সময়তাে আপলােড় কৰিবলৈ সমর্থ নহয়, তেন্তে পৰীক্ষার্থীজনক সেই পৰীক্ষাত অনুপস্থিত বুলি গণ্য কৰা হ’ব৷

3. কিন্তু কোনাে পৰীক্ষাৰ্থীয়ে যদি নিৰ্দষ্ট সময়সীমাৰ ভিতৰত উত্তৰবহী আপলােড় কৰিবলৈ চেষ্টা নকৰে, তেনে পৰীক্ষাৰ্থীৰ কৰণে, আপলােডৰ সময় নির্দষ্ট সময়ত শেষ হৈ যাব আৰু তেনে পৰীক্ষাৰ্থীয়ে। আপলােডৰ কাৰণে আৰু সুবিধা নাপাব আৰু তেঁওক পৰীক্ষাত অনুপস্থিত বুলি গণ্য কৰা হ’ব৷

এইটো অতিশয় গুৰুত্বপূৰ্ণভারে মনকৰিবলগীয়া কথা যে, 30 মিনিটৰ অতিৰিক্ত সময় যদি কোনাে পৰীক্ষার্থীয়ে আপলােড কাৰণে ব্যৱহাৰ কৰিব খােজে, তেন্তে সেই পৰীক্ষাৰ্থীয়ে, নির্দিষ্ট সময়সীমাৰ ভিতৰতে, আপলােডৰ কাৰণে চেষ্টা কৰাটো প্রয়ােজনীয়।

উত্তৰবহী আপলােড় কৰিব নােৱাৰাৰ কিছু কাৰণ

নিৰ্দষ্ট সময়ত, উত্তৰবহী সফলতাৰে আপলােড় কৰিব নােৱাৰাৰ কিছু কাৰণ তলত দিয়া হৈছে৷ লগতে নীলা ৰঙত ইয়াৰ সম্ভাব্য প্রতিবিধানাে দিয়া হৈছে৷

1. ওরে ব্রাউজা টো পুৰণা।

ওয়েব ব্রাউজাৰটো ইয়াৰ নতুনতম সংস্কৰণলৈকে উন্নীত কৰক।

2. একেটা কম্পিউটাৰ বা একেটা মােবাইলতে এটাতকৈ অধিক ব্রাউজাৰ খােলখাই আছে আৰু একাধিক লগইন্ চেছন্ (session) সক্রিয় হৈ আছে।

সকলাে ব্রাউজাৰ সমূহ বন্ধকৰি, এটা মাত্র ব্রাউজাৰ নতুনকৈ খােলক, লগ-ই কৰক, আৰু আপলােড় কৰিবলৈ চেষ্টা কৰক৷

3. বহুত সময় একো কাৰ্য-কলাপ নােহােৱাৰ কাৰণে ব্রাউজাৰৰ চেছনটোৰ সমাপ্তি ঘটিছে৷

ব্রাউজাৰটো বন্ধ কৰি নতুনকৈ খােলক, ল-ই কৰক, আৰু আপলােড কৰিবলৈ চেষ্টা কৰক৷

অনুশীলনমূলক পৰীক্ষাসমূহ

. গুৱাহাটী বিশ্ববিদ্যালয়ে, পৰীক্ষার্থীসকলক এই অনলাইন্ মাধ্যমত হ’বলগীয়া মুক্ত পাঠ্য-পুঠি পৰীক্ষাৰ প্রক্রিয়াটোৰ লগত চিনাকী কৰি দিবলৈ, এটা অনুশীলনমূলক পৰীক্ষা পাের্টে (portal) মুকলি কৰি দিব৷

এই পাের্টে টো বিভিন্ন শাখাৰ বেলেগ বেলেগ বিষয় অনুসৰি, বেলেগ বেলেগ দিনত খােলা যাবসধাৰণতে, এই পাের্টে টো, বিভিন্ন বিষয়ত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা অনুসৰি, এদিনৰ পৰা কেইবাদিন পৰ্য্যন্ত খােলা থাকিব৷ ইয়াৰ সময়সূচী, এই পৃষ্ঠাত চাব পাৰিব (নাইবা তলত দিয়া সংযােগৰ পৰাও চাব পাৰে)৷

পৰীক্ষার্থীসকলে, এইটো কথা মনকৰিবলগীয়া যে, এই অনুশীলনমূলক পৰীক্ষা পৰীক্ষাৰ্থীৰ কোনাে ধৰণৰ বিষয়-জ্ঞানৰ বিষয়ে নহয় আৰু ইয়াত কোনাে বিষয়ৰ কোনােধৰণৰ উদাহৰণমূলক প্রশ্নকাকতাে দিয়া নহ’ব৷ ই মাত্ৰ, পৰীক্ষাৰ্থীসকলক এই অনলাইন মাধ্যমেৰে হ’বলগীয়া পৰীক্ষাৰ কাৰিকৰী দিশটোৰ লগত চিনাকী কৰি দিয়াৰহে এক প্রয়াস, কিয়নাে এই পৰীক্ষা-প্রক্রিয়াত কোনাে ধৰনৰ কায়িক (physical বা offline) কাৰ্যারলী নাথাকিব৷

অনুশীলনমূলক পৰীক্ষাসমূহ কেনেকৈ হ’ব? How will the Mock Test be Conducted?

1.এই অনুশীলনমূলক পৰীক্ষাৰ সময়সূচী এই পৃষ্ঠাত চাব পাৰে৷

2. এজন পৰীক্ষাৰ্থীয়ে তেওঁৰ বিষয় বা শাখা অনুসৰি সেইদিনাৰ পৰীক্ষাৰ পাের্টে ত দিয়া নির্দেশিকা অনুযায়ী লগ-ইন কৰিব লাগিব। এই অনুশীলনমূলক পৰীক্ষাৰ পাের্ট দিনৰ 08:00 বজাৰ পৰা 16:00 বজালৈকে খােলা থাকিব আৰু এজন পৰীক্ষাৰ্থীয়ে এই সময়সীমাৰ ভিতৰত যিকোনাে সময়তে লগ-ইন্ কৰিব পাৰিব৷ যদি প্ৰথমবাৰ লগ-ইন কৰোঁতে কোনাে পৰীক্ষার্থী অসুবিধাৰ সন্মুখীন হয়, তেন্তে প্রয়জন অনুসৰি, তেওঁ এবাৰতকৈ বেছিও লগ-ই কৰিব পাৰিব৷

3. ল-ই কৰাৰ পাছত, পৰীক্ষার্থীজনে এখন এক পৃষ্ঠাৰ এখন নির্দেশাৱলী ডাউনলােড় কৰিব লাগিব, যিখন ডাউনলােড় কৰাৰ প্রক্রিয়া এখন প্রকৃত প্রশ্নকাকত ডাইনলােড় কৰাৰ নিচিনাই হ’ব৷ এই নির্দেশাৱলীখনৰ এক নমুনা এই সংযােগৰ পৰা চাব পাৰি, যিখনত পৰীক্ষার্থী এজনে এই অনুশীলনমূলক পৰীক্ষাৰ দিনা কি কি নিয়ম পালন কৰিব লাগিব, সেইয়া লিখা থাকিব৷

4. ইয়াৰ পাছত, পৰীক্ষার্থীজনে, দহটা পৃষ্ঠাৰ এখন স্কে কৰি তৈয়াৰ কৰা PDF ফাইল আপলােড় কৰিব লাগিব, যাৰ আকাৰ 5.0MB তকৈ বেছি হ’ব নােৱাৰিব৷

5. ডাউনলােড় আৰু আপলােডৰ প্রক্রিয়া সমাপ্ত হােৱাৰ লগে লগেই, এই অনুশীলনমূলক পৰীক্ষা শেষ হ’ব।

6. এই অনুশীলনমূলক পৰীক্ষাৰ প্রক্রিয়া, প্রকৃতভারে হ’বলগীয়া পৰীক্ষাৰ প্ৰক্ৰিয়াৰ লগত হুবহু একে৷

এই অনুশীলনমূলক পৰীক্ষাত, পৰীক্ষার্থীসকলে এইটো কথাত মনােনিবেশ কৰা উচিত যে, তেওঁলােকে যাতে, এই পৃষ্ঠাত দিয়া পৰীক্ষাৰ সময়সীমাৰ ভিতৰত, ডাউনলােড় আৰু আপলােড় ৰ এই সম্পূর্ণ প্রক্রিয়াটো সম্পন্ন কৰিব পাৰে, কিয়নাে, প্রকৃত পৰীক্ষাত, পৰীক্ষার্থীসকলে এই প্রক্রিয়াটো মাত্ৰ এবাৰতে সম্পূর্ণ কৰিব লাগিব৷

অতিৰিক্ত উপদেশাত্মক জননী

1. যদিও অত্যাৱশ্যকীয় নহয়, পৰীক্ষাৰ পাের্টেলত গুগুলৰ ক্ৰ’ম ব্রাউজাৰটো ব্যৱহাৰ কৰাটো বাঞ্চনীয়।

2.পৰীক্ষাৰ পাের্টেলৰ কাৰণে, ওরে ব্রাউজাৰটোৰ ‘প’পআপ’ (POP UP)ক সন্মতি প্রদান কৰি থােৱাটো বাঞ্চনীয়া পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ ব্ৰাউজাৰৰ কাৰণে কেনেকৈ পপ-আপক সন্মতি পৰিদান কৰিব পাৰে, তাৰ কাৰণে ইন্টাৰনেটত চাব পাৰে৷

3. যদি আপলােড় বা ডাউনলােড কৰোঁতে পৰীক্ষাৰ্থীসকলে বাৰম্বাৰ অসুবিধাৰ সন্মুখীন হয়, তেন্তে তেঁওলােকে ব্রাউজাৰটোক ব্যক্তিগত (private) বা পৰিচয়বিহীন (incognito) ভারে খুলি চেষ্টা কৰিব পাৰে৷

4. এইটো বাঞ্চনীয় যে, এজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ আৰম্ভণিতে প্রশ্নকাকত ডাউনলােড কৰাৰ পাছত যাতে পৰীক্ষাৰ পাের্টেলৰ পৰা লগ-আউট কৰে আৰু উত্তৰবহী তৈয়াৰ কৰাৰ পাছত, নির্দিষ্ট সময়ৰ ভিতৰত পুনৰবাৰ আপলােড় কৰিবলৈ লগ-ইন কৰে৷

মহাবিদ্যালয়ৰ স্তৰত পাব পৰা সহায়তা

  1. প্রত্যেকখন মহাবিদ্যালয়ে, নিজৰ পৰীক্ষার্থীসকলৰ কাৰণে, এটা হেল্পলাইন্ নাম্বাৰ ঘােষণা কৰিব, যিটোত পৰীক্ষার্থীসকলে পৰীক্ষাৰ সময়ত কাৰিকৰী সহায়তাৰ কাৰণে যােগাযােগ কৰিব পাৰিব৷
  2. যদি কিবা কাৰণবশতঃ কোনাে পৰীক্ষাৰ্থীয়ে উত্তৰবহী নির্ধাৰিত 1ঘন্টাৰ ভিতৰত আৰু অতিৰিক্ত 30 মিনিটৰ ভিতৰতাে আপলােড কৰিব নােৱাৰে, তেন্তে তেঁও ওপৰত উল্লেখ কৰা হেল্পলাইন্ নাম্বাৰত যােগাযােগ কৰিব পাৰিব আৰু তেঁওক ই-মেইলৰ যােগেদি উত্তৰবহী জমা কৰিবলৈ দিয়াৰ কাৰণে অনুমতি দিয়া যাব পাৰে, যদিহে পৰীক্ষার্থীজনে আপলােড় কৰিব নােৱাৰাৰ উপযুক্ত প্রমাণ দেখুউরাব পাৰে (তলত চাওক)।
  3. এই ই-মেইলটো প্ৰতিখন মহাবিদ্যালয়ৰ কাৰণে বেলেগ বেলেগ হ’ব আৰু মাত্র সেই মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ কাৰণেহে প্রযােজ্য হ’ব৷ এই ই-মেই পাবৰ কাৰণে, পৰীক্ষার্থীসকলে নিজৰ নিজৰ মহাবিদ্যালয়ৰ লগত যােগাযােগ কৰিব পাৰে।

অসফলতাৰ প্ৰমাণ

  1. যদি কোনাে পৰীক্ষার্থীয়ে প্রকৃত কাৰণবশতঃ উত্তৰবহী আপলােড় কৰিব নােৱাৰে, তেঁওক উত্তৰবহী ওপৰত উল্লেখ কৰা ই-মেইলৰ যােগেদি জমা কৰিবলৈ অনুমতি দিয়া হ’ব পাৰে (ওপৰত উল্লেখ কৰা হেল্পলাইনত যথাবিহিতভারে যােগাযােগ কৰাৰ পাছতহে)। এনেকুৱা ই-মেইলত উত্তৰবহীৰ লগতে আপলােড় কৰিব নােৱাৰাৰ অসফলতাৰ প্ৰমাণ থাকিব লাগিব, য’ত পৰীক্ষার্থীজনে যে নির্ধাৰিত সময় আৰু অতিৰিক্ত সময়ৰ ভিতৰত আপলােড় কৰিবলৈ চেষ্টা কৰিছিল, তাৰ প্ৰমাণ থাকে৷
  2. এনেকুৱা অসফলতাৰ প্ৰমাণত, পৰীক্ষার্থীজনে আপলােড় কৰিবলৈ চেষ্টা কৰাৰ পৰীক্ষাৰ পাের্টেলৰ স্ক্রীণৰ প্রতিলিপি (screenshot) থাকিব পাৰিব য’ত আপলােড় কৰিবলৈ চেষ্টা কৰাৰ সময় লিপিবদ্ধ হৈ থাকিব লাগিব আৰু লগতে আপলােড় যে হােৱা নাই, সেই বার্তাৰ প্ৰতিলিপিও থাকিব লাগিব৷
  3. এই অসফলতাৰ প্ৰমাণক, পৰীক্ষাৰ কম্পিউটাৰ ব্যৱস্থাত নথিভুক্ত হৈ থকা তথ্যৰ লগত প্ৰমাণৰ সত্যাসত্যৰ বাবে পৰীক্ষা কৰা হ’ব আৰু জমা কৰা প্রমাণ প্রকৃত বুলি প্ৰমাণসিদ্ধ কৰাৰ পাছতহে, জমা দিয়া উত্তৰবহী গৃহীত হ’ব৷

এই সন্দৰ্ভত, পৰীক্ষাৰ্থীসকলে নিজৰ নিজৰ মহাবিদ্যালয়ক যােগাযােগ কৰা উচিত৷

Download Answer Script Template

Click Here

Leave a Reply