About Mock Tests in Assamese GU

অনুশীলনমূলক পৰীক্ষাসমূহ About Mock Tests

  • গুৱাহাটী বিশ্ববিদ্যালয়ে, পৰীক্ষাৰ্থীসকলক এই অনলাইন্ মাধ্যমত হ’বলগীয়া মুক্ত পাঠ্য-পুঠি পৰীক্ষাৰ প্ৰক্ৰিয়াটোৰ লগত চিনাকী কৰি দিবলৈ, এটা অনুশীলনমূলক পৰীক্ষা পোৰ্টেল্ (portal) মুকলি কৰি দিব৷
  • এই পোৰ্টেল্ টো বিভিন্ন শাখাৰ বেলেগ বেলেগ বিষয় অনুসৰি, বেলেগ বেলেগ দিনত খোলা যাব৷ সধাৰণতে, এই পোৰ্টেল্ টো, বিভিন্ন বিষয়ত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীৰ সংখ্যা অনুসৰি, এদিনৰ পৰা কেইবাদিন পৰ্য্যন্ত খোলা থাকিব৷ ইয়াৰ সময়সূচী, এই পৃষ্ঠাত চাব পাৰিব (নাইবা তলত দিয়া সংযোগৰ পৰাও চাব পাৰে)৷
  • পৰীক্ষাৰ্থীসকলে, এইটো কথা মনকৰিবলগীয়া যে, এই অনুশীলনমূলক পৰীক্ষা পৰীক্ষাৰ্থীৰ কোনো ধৰণৰ বিষয়-জ্ঞানৰ বিষয়ে নহয় আৰু ইয়াত কোনো বিষয়ৰ কোনোধৰণৰ উদাহৰণমূলক প্ৰশ্নকাকতো দিয়া ন’হ’ব৷ ই মাত্ৰ, পৰীক্ষাৰ্থীসকলক এই অনলাইন্ মাধ্যমেৰে হ’বলগীয়া পৰীক্ষাৰ কাৰিকৰী দিশটোৰ লগত চিনাকী কৰি দিয়াৰহে এক প্ৰয়াস, কিয়নো এই পৰীক্ষা-প্ৰক্ৰিয়াত কোনো ধৰনৰ কায়িক (physical বা offline) কাৰ্য্যাৱলী নাথাকিব৷

অনুশীলনমূলক পৰীক্ষ কেনেকৈ হ’ব? How will the Mock Test be Conducted?

  1. এই অনুশীলনমূলক পৰীক্ষাৰ সময়সূচী এই পৃষ্ঠাত চাব পাৰে৷
  2. এজন পৰীক্ষাৰ্থীয়ে তেওঁৰ বিষয় বা শাখা অনুসৰি সেইদিনাৰ পৰীক্ষাৰ পোৰ্টেল্ ত দিয়া নিৰ্দ্দেশিকা অনুযায়ী লগ্-ইন্ কৰিব লাগিব৷ About Mock Tests in Assamese GU
    এই অনুশীলনমূলক পৰীক্ষাৰ পোৰ্টেল্ দিনৰ 08:00 বজাৰ পৰা 16:00 বজালৈকে খোলা থাকিব আৰু এজন পৰীক্ষাৰ্থীয়ে এই সময়সীমাৰ ভিতৰত যিকোনো সময়তে লগ্-ইন্ কৰিব পাৰিব৷ যদি প্ৰথমবাৰ লগ্-ইন্ কৰোঁতে কোনো পৰীক্ষাৰ্থী অসুবিধাৰ সন্মুখীন হয়, তেন্তে প্ৰয়জন অনুসৰি, তেওঁ এবাৰতকৈ বেছিও লগ্-ইন্ কৰিব পাৰিব৷
  3. লগ্-ইন্ কৰাৰ পাছত, পৰীক্ষাৰ্থীজনে এখন এক পৃষ্ঠাৰ এখন নিৰ্দ্দেশাৱলী ডাউনলোড্ কৰিব লাগিব, যিখন ডাউনলোড্ কৰাৰ প্ৰক্ৰিয়া এখন প্ৰকৃত প্ৰশ্নকাকত ডাইনলোড্ কৰাৰ নিচিনাই হ’ব৷ এই নিৰ্দ্দেশাৱলীখনৰ এক নমুনা এই সংযোগৰ পৰা চাব পাৰি, যিখনত পৰীক্ষাৰ্থী এজনে এই অনুশীলনমূলক পৰীক্ষাৰ দিনা কি কি নিয়ম পালন কৰিব লাগিব, সেইয়া লিখা থাকিব৷
  4. ইয়াৰ পাছত, পৰীক্ষাৰ্থীজনে, দহটা পৃষ্ঠাৰ এখন স্কেন্ কৰি তৈয়াৰ কৰা PDF ফাইল্ আপলোড্ কৰিব লাগিব, যাৰ আকাৰ 5.0MB তকৈ বেছি হ’ব নোৱাৰিব৷
  5. ডাউনলোড্ আৰু আপলোডৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগেই, এই অনুশীলনমূলক পৰীক্ষা শেষ হ’ব৷
  6. এই অনুশীলনমূলক পৰীক্ষাৰ প্ৰক্ৰিয়া, প্ৰকৃতভাৱে হ’বলগীয়া পৰীক্ষাৰ প্ৰক্ৰিয়াৰ লগত হুবহু একে৷

এই অনুশীলনমূলক পৰীক্ষাত, পৰীক্ষাৰ্থীসকলে এইটো কথাত মনোনিবেশ কৰা উচিত যে, তেওঁলোকে যাতে, এই পৃষ্ঠাত দিয়া পৰীক্ষাৰ সময়সীমাৰ ভিতৰত, ডাউনলোড্ আৰু আপলোড্ ৰ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পন্ন কৰিব পাৰে, কিয়নো, প্ৰকৃত পৰীক্ষাত, পৰীক্ষাৰ্থীসকলে এই প্ৰক্ৰিয়াটো মাত্ৰ এবাৰতে সম্পূৰ্ণ কৰিব লাগিব৷ About Mock Tests in Assamese GU

মতামত Feedback

এই অনুশীলনমূলক পৰীক্ষাত অংশ গ্ৰহণ কৰাৰ পাছত, পৰীক্ষাৰ্থী সকললৈ আমাৰ অনুৰোধ যাতে তেওঁলোকে, আমাৰ ফিড্ বেক্ প্ৰক্ৰিয়াৰ যোগেদি, তেওঁলোকৰ অনুভৱৰ ওপৰত মতামত প্ৰকাশ কৰে৷ মতামত প্ৰকাশ কৰিবলৈ, এই পৃষ্ঠাৰ প্ৰথমতেই থকা ফিড্ বেক্ ৰ প্ৰতীক চিহ্নত ক্লিক কৰক৷ About Mock Tests in Assamese GU

Leave a Reply